প্রেম সঞ্চাৰিণী ময়ুৰাক্ষী দোলন প্রভা

  • প্রণামিকা অধিকাৰী, অসমীয়া লেখক, ছোটগল্পকার, উইকিপিডিয়ান

কত দূৰ আগুৱালোঁ৷ কত মানুহ লগ পালোঁ৷ সকলোৱেচোন ছায়াছবিৰ দৰে আহে আৰু যায়৷ নহয়, তাৰ মাজতো ৰৈ যায়, বুকুত দাগ কাটিব পৰা, মনলৈ আহিলেই ওঁঠত হাঁহি বিৰিঙাব পৰা কিছু লোক; যিয়ে হৃদয়ৰ পৰা হৃদয়লৈ সাঁকো গঢ়িব জানে৷ দিয়া আৰু লোৱাৰ এক মধুৰ সম্পৰ্ক গঢ়ি এঁৱা সূতাৰ থুনুকা জৰী সোণৰ শিকলিলৈ ৰূপান্তৰ কৰিব জানে৷ জানে, দোলন প্রভাই৷ মোৰ বাবে এক চমক৷ এটা উচ্ছল আশাৰ প্ৰতীক৷ তেওঁ বাচিব জানে, বচাবও জানে; জীবও জানে, জীয়াবও জানে৷ হাঁহিব জানে, হহুঁৱাবও জানে৷

এগৰাকী ৱিকিমিডিয়ান হিচাপে দোলন প্রভাৰ লগত মোৰ যোগাযোগ এক অতিৰিক্ত প্ৰাপ্তি৷ প্ৰথম দোলন প্রভাক লগ পাইছিলোঁ হায়দৰাবাদৰ কনফাৰেন্সত৷ ঘনিষ্ঠতা হোৱা নাছিল৷ সুবিধাও নাছিল৷ তেওঁ ব্যস্ত৷ মই নতুন৷ নতুন ৱিকি সম্পাদক হিচাপ মোৰ কিছু আড়ষ্টতা আছিল৷ দোলন প্রভা মঞ্চত৷ ছবি সম্পৰ্কীয় এক আলোচনাত সমল ব্যক্তি আছিল৷ সৰু ছোৱালী৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ তেনে এখন মঞ্চত সম্ভৱ তেৱোঁ প্রথমেই আছিল৷ তথাপি, দেখা পাইছিলোঁ তেওঁৰ আত্মবিশ্বাস৷ যথেষ্ট আত্মবিশ্বাসেৰে তেওঁ আলোচনাত ভাগ লৈছিল৷

তাৰপাছত, দিল্লীৰ গুড়গাঁৱত হোৱা আন্তঃৰাষ্ট্ৰীয় ৱিকি ৱমেন কেম্পত দোলন প্রভা কেনেকৈ কোনপাকত মোৰ কাষ চাপি আহিল গমেই নাপালোঁ৷ বয়সৰ পাৰ্থক্য পাহৰি দুয়ো দুয়োৰে বন্ধু হৈ পৰিলোঁ৷ বাৰ্ণষ্টাৰ পদক ল’বলৈ অসীম প্ৰত্যয়েৰে আগবাঢ়ি গৈ মনৰ কথা ক’বলৈ ইংৰাজী জনা কাৰোবাক বিচাৰোঁতে লক্ষ্য কৰিছিলোঁ, “ইংৰাজী নজনা’’ কথাটোৱে তেওঁক আড়ষ্ট কৰা নাই৷ আপ্লুত হ’লোঁ৷ নিজ মাতৃভাষাৰ প্ৰতি অগাধ প্ৰেম আৰু নিজ কৰ্মৰ প্ৰতি দোলনপ্ৰভাৰ আছে অটুট আত্মবিশ্বাস৷ তেতিয়াই প্ৰেমত পৰিলোঁ দোলন প্রভাৰ৷ তাৰপাছত, চলি আছে আৰু চলি থাকিব৷ জাতি, ধৰ্ম, ভাষা, দেশৰ সীমা পাহৰি এই সম্পৰ্ক চলিয়েই থাকিব৷

কি কি কৰে তেওঁ? নাচে, লেখে, গৱেষণা কৰে, ৱিকিপিডিয়াত সম্পাদনা কৰে৷ আৰু বা কি? মইতো ইমান নাজানো৷ কম সময়তে মই কেৱল জানিলোঁ, নাৰী হিচাপে নহয়, এক ব্যক্তি হিচাপে তেওঁ আগুৱাই যাব খোজে আৰু লগত লৈ যাব খোজে গৃহবন্দী, পাকঘৰকে পৃথিৱী বুলি ভবা নাৰীসমস্তক৷

কবি দোলন প্রভা: “স্বপ্নেৰ পাখিৰা উড়ে যৌথ খামাৰে’’, সপোনৰ চৰাইবোৰ জাকপাতি উৰে৷ কাৰ সপোন? কিহৰ সপোন? কবিতাপুথিখন পঢ়ি শিহৰিত হ’লোঁ৷ ইমান গভীৰ সমাজ চেতনা এই ফুটকলি ছোৱালীজনীৰ মনত! সমাজৰ শোষিত-নিষ্পেষিত জনতাৰ প্ৰতি ইমান সমবেদনা৷ গভীৰ প্ৰত্যয়েৰে অনুভৱ নকৰিলে, সাধাৰণ মানুহৰ মনত এই ভাব আহিব নোৱাৰে৷ কবিতা দোলন প্রভাৰ বিলাসিতা নহয় বুলিয়েই বিশ্বাস৷ এই কবিতাৰ মাজেৰেই তেওঁ সেই সমাজৰ মুখপাত্ৰৰ দৰে যেন নিজকে প্রক্ষেপ কৰিছে৷ কবিতা সংকলনখনিৰ ভূমিকা লেখাতো তেওঁ নিজেই লিখিছে, নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ৰাজপথত নমা কৃষক শ্ৰমিকৰ আশাহত বেদনাৰ কথা৷ তেওঁ কবিতাৰ মাজেৰে সেই বেদনা ভেন ঘগৰ ছবিৰ দৰেই যেন আঁকিবলৈ প্রয়াস কৰিছে আৰু বহুক্ষেত্ৰত সফলো হৈছে৷ কবিতাৰ শব্দ গাঁথনি সৰল, সুন্দৰ৷ বাংলাদেশৰ শ্রমিকৰ মৰ্মবেদনা অংকিত কৰিবলৈ গৈ দেশ কালৰ সীমা পাৰ কৰি তেওঁৰ কবিতাই বিশ্ব শ্রমিকৰ ছবি অংকণ কৰিবলৈ সক্ষম হৈছে৷ তেওঁ কলম স্ৰোতস্বিনী হওক৷ বৈ থাকক অনন্তকাল৷

কবি হিচাপে আন এটা কথাই মন চুই গৈছে৷ সেইটো হ’ল, প্রকৃতিৰ সৈতে একাত্মবোধ৷ কবিতা মানেইতো প্রকৃতি৷ প্রকৃতিয়েই কবিতা৷ সকলো কবিৰ কবিতাতেই ক’ৰবাত নহয় ক’ৰবাত প্রকৃতিয়ে স্পৰ্শ কৰেই৷ দোলন প্রভাৰ কবিতাতো কৰিছে৷ নহয়, দোলনপ্রভাক স্পৰ্শ কৰিছে৷ হৃদয়ত প্রকৃতি প্রেম নাথাকিলে, সেই কবিৰ কবিতাত প্রকৃতি ইমান ভাস্বৰ হৈ উঠিব নোৱাৰে৷ “ৰোদ কণা একটু একটু কৰে মিশতে থাকে ধুলিৰ সাথে’’, “খসে যাওয়া তাৰাৰ মতো’’, “ৰাত নিদ্ৰালু……… ঐখানে জোনাকি, পেঁচা আৰ বাদুড়েৰ মিলন মেলা’’, “সীমাহীন আনন্দে খেলা কৰবে ব্যাঙাচি ছানা’’ আদি অপূৰ্ব ব্যঞ্জনাময় শব্দ সংযোজন৷ আৰু আছে৷ নাই, চমু লেখাটোত ইয়াতকৈ অধিক দিব নোৱাৰি৷

তুমি লিখি থাকা দোলন প্রভা৷ স্ৰোতস্বিনী গংগাৰ দৰে তোমাৰ কাপেৰে নিগৰি ওলাওক মানুহৰ কবিতা৷ সঁচা মানুহৰ মনৰ কথা৷ বহুত মৰম আৰু হিয়াভৰা আশীৰ্বাদ যাচিলোঁ৷ কুশলে থাকা ৷

প্রণামিকা অধিকাৰী
নগাঁও, অসম৷
২৯.১২.২০২৩

Leave a Comment

error: Content is protected !!